উত্তৰ-পূৰ্বাঞ্চল

ত্ৰিপুৰাৰ ছেপাহিজালাত BSF আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ আশাবাৰীত BSF আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষৰ ফলত কমেও তিনিজন BSF জোৱানসহ কেইবাজনো লোক আহত হৈছে।

২ / ৫

আগৰতলা, ২ নৱেম্বৰ: ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ বক্সনগৰৰ আশাবাৰী গাঁও অঞ্চলত সোমবাৰে সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু স্থানীয় গাঁওবাসীৰ মাজত হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে।

৩ / ৫

স্থানীয় লোকৰ ভাষ্য অনুসৰি, পুৱা প্ৰায় ১০ বজাত আশাবাৰী গাঁও পঞ্চায়ত এলেকাৰ এখন বজাৰ পথৰ কাষত গছ-গছনি পৰিষ্কাৰ কৰাৰ কাম চলি থকাৰ সময়তে ঘটনাৰ সূত্ৰপাত ঘটে।

৪ / ৫

এই ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ লোকসকলে নতুন বজাৰৰ সমীপত আশাবাৰী-ৰহিমপুৰ পথ অৱৰোধ কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

৫ / ৫

ইয়াৰ মাজতে কোম্পানী কমাণ্ডাৰ ৰোহিত, চালক সুনীল কুমাৰ আৰু জোৱান মনজিৎ থকা BSFৰ এখন বাহন অৱৰোধস্থলীত উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

ত্ৰিপুৰাৰ ছেপাহিজালাত BSF আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক