দেশ

বিমল আকইজামক বৰ্খাস্তৰ সিদ্ধান্তত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

৯ অক্টোবৰত জেএনইউৰ চাকৰিৰ পৰা বৰ্খাস্ত হোৱা কংগ্ৰেছ সাংসদ তথা অধ্যাপক অংগোমচা বিমল আকইজামক অন্তৱৰ্তী সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে।

২ / ৫

১১ গৰাকী ছাত্ৰীৰ যৌন হাৰাশাস্তিৰ অভিযোগৰ ভিত্তিত ৯ অক্টোবৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অধ্যাপক অংগোমচা বিমল আকইজামক বৰ্খাস্ত কৰিছিল।

৩ / ৫

ইনাৰ মণিপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আকইজাম জেএনইউৰ সমাজ বিজ্ঞান বিদ্যালয়ৰ অধ্যাপক।

৪ / ৫

ছাত্ৰীসকলৰ অভিযোগ অনুসৰি, বৈঠক বা আড্ডাৰ অজুহাতত আকইজামে তেওঁলোকক বিশ্ববিদ্যালয় চৌহদত থকা নিজৰ বাসভৱনলৈ মাতিছিল আৰু যৌন হাৰাশাস্তি চলোৱাৰ চেষ্টা কৰিছিল।

৫ / ৫

জেএনইউৰ অভ্যন্তৰীণ অভিযোগ সমিতিয়ে অনুসন্ধান চলাই শাস্তিমূলক ব্যৱস্থাৰ পৰামৰ্শ দিছিল বুলি বিশ্ববিদ্যালয়ৰ বৰ্খাস্তৰ আদেশত উল্লেখ আছে।

বিমল আকইজামক বৰ্খাস্তৰ সিদ্ধান্তত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক