অসম

মালিগাঁৱৰ আদিংগিৰি পাহাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১৪ বিঘা ভূমি উদ্ধাৰৰ লক্ষ্য

NewzNow · ২১ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বেদখলমুক্ত কৰিবলৈ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান।

২ / ৫

গুৱাহাটী: মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায়।

৩ / ৫

অভিযান চলাৰ সময়ত জিলা প্ৰশাসনৰ এগৰাকী চক্ৰ বিষয়াৰ লগতে আন কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী তদাৰক কৰে।

৪ / ৫

ইফালে, বন বিভাগৰ একাংশ বিষয়াক প্ৰভাৱিত কৰি পাহাৰটোৰ কিছু অংশত অবৈধভাৱে খনন কাৰ্য চলোৱাৰো অভিযোগ উত্থাপন হৈছে।

৫ / ৫

পাহাৰখনৰ প্ৰায় ১৪ বিঘা বেদখলকৃত ভূমি উদ্ধাৰৰ লক্ষ্যৰে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

মালিগাঁৱৰ আদিংগিৰি পাহাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১৪ বিঘা ভূমি উদ্ধাৰৰ লক্ষ্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক