ৰাজ্য কঁপাই যোৱা দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰ গোচৰৰ তদন্তত আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা।
সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দুলীয়াজান ট্ৰিপল মাৰ্ডাৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া এতিয়া অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসে দুলীয়াজানত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত এইখন মটৰচাইকেলেৰেই পোনপটীয়াকৈ তিনিচুকীয়ালৈ ঢাপলি মেলিছিল।
দুলীয়াজানৰ সেই নৃশংস ট্ৰিপল মাৰ্ডাৰ গোচৰৰ তদন্তত আৰক্ষীয়ে ধাৰাবাহিকভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
ইতিপূৰ্বে হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ আৰু অন্যান্য সামগ্ৰী জব্দ হোৱাৰ পাছত এতিয়া অভিযুক্তই ব্যৱহাৰ কৰা বাহনখনো আৰক্ষীৰ হাতত পৰাত গোচৰটোৰ আইনী প্ৰক্ৰিয়া আৰু অধিক শক্তিশালী হৈ উঠিছে।
newznow.in