সাত দিনৰ আৰক্ষী জিম্মাৰ অন্তত ন্যায়িক জিম্মালৈ ঘনকান্ত গগৈ
গুৱাহাটী, ৩ নৱেম্বৰ: হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ সাত দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ আজি অন্ত পৰে।
উল্লেখ্য যে, ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰীৰ পৰিয়ালৰ চাৰিজন সদস্যসহ মুঠ পাঁচজন লোকৰ মৃত্যু হৈছিল।
ঘটনাটোৰ আঁৰত হোটেলখনৰ লীজ আৰু পৰিচালনাক লৈ হোৱা বিবাদ থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল।
ইয়াৰ পূৰ্বে ঘনকান্ত গগৈৰ চাউকুছিস্থিত ভাড়াঘৰত আৰক্ষীয়ে প্ৰায় তিনি ঘণ্টা ধৰি তালাচী চলাইছিল।
newznow.in