অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত চিয়াং নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে গৃহমন্ত্ৰী অমিত শ্বাহলৈ যৌথ স্মাৰকপত্ৰ প্ৰেৰণ আদি জনগোষ্ঠীয় সংগঠনৰ।
ইটানগৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ মাজতে ৰাজ্যখনৰ প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে।
অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰাৰ কথা।
অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীয়ে স্পষ্ট কৰি দিয়ে যে স্থানীয় লোকৰ সন্মতি অবিহনে এই প্ৰকল্প কাৰ্যকৰী কৰা নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰে লিখিত আশ্বাস দিব লাগিব।
তিব্বত অঞ্চলত য়াৰলুং ঝাংবো নদীত চীনে নিৰ্মাণ কৰিবলৈ লোৱা ৬০,০০০ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰত্যুত্তৰ হিচাপে কেন্দ্ৰীয় চৰকাৰে এই চিয়াং বহুমুখী প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছিল।
newznow.in