বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিছে।
গুৱাহাটী: ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ চলি থকা চৰ্চাৰ মাজতে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যুতৰ মাচুল বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পালে বিদ্যুৎ উৎপাদনৰ খৰচো বৃদ্ধি পায়।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে যিটো বিদ্যুৎ প্ৰতি ইউনিটত এটকাত ক্ৰয় কৰা হৈছিল, এতিয়া সেই একে পৰিমাণৰ বিদ্যুৎ কিনিবলৈ এটকা বিশ পইচা খৰচ কৰিবলগীয়া হৈছে।
তেওঁ পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ কথাও উল্লেখ কৰে।
newznow.in