দেশ

মিঠাই কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড: ৩জনৰ মৃত্যু, ৩৬জন সন্ধানহীন

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ইণ্ডোনেছিয়াৰ বাণ্টেন প্ৰদেশৰ এখন মিঠাই কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ৩৬জন শ্ৰমিক নিখোঁজ হৈ আছে।

২ / ৫

ৰাজধানী জাকাৰ্টাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ পশ্চিমে অৱস্থিত চেৰাং জিলাৰ চিকাণ্ডে অঞ্চলৰ পিটি ফনুছা আগুং মুলিয়া নামৰ কাৰখানাটোত শনিবাৰে বিয়লি প্ৰায় ৫ বজাত এই জুই লাগে।

৩ / ৫

বাণ্টেনৰ অনুসন্ধান আৰু উদ্ধাৰ সংস্থাৰ তথ্য অনুসৰি, ঘটনাস্থলীৰ পৰা তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

৪ / ৫

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও জীৱন্তে ৰক্ষা পোৱা একাংশ শ্ৰমিকে জনোৱা মতে, অট্টালিকাটোৰ তৃতীয় মহলাত থকা এটা কুলিং ইউনিটৰ ওচৰৰ পৰাই প্ৰথমে জুইৰ সূত্ৰপাত ঘটিছিল।

৫ / ৫

দেওবাৰেও কাৰখানাটোৰ ভিতৰত উদ্ধাৰ অভিযান অব্যাহত থাকে।

মিঠাই কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড: ৩জনৰ মৃত্যু, ৩৬জন সন্ধানহীন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক