গোৰ্খা সম্প্ৰদায়ৰ লোক-সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰখাৰ উদ্দেশ্যে গহপুৰৰ মিছামাৰী ভানু ভৱন প্ৰাংগণত অষ্টম বাৰ্ষিক তিহাৰ সমাৰোহৰ আয়োজন কৰা হৈছে।
গহপুৰ: গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰা, লোক-সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰখাৰ উদ্দেশ্যেৰে গহপুৰৰ মিছামাৰীস্থিত ভানু ভৱনৰ প্ৰাংগণত অষ্টম বাৰ্ষিক তিহাৰ সমাৰোহ অনুষ্ঠিত হৈছে।
তিহাৰ হৈছে গোৰ্খা সম্প্ৰদায়ৰ অন্যতম প্ৰধান আৰু মৌলিক সাংস্কৃতিক উৎসৱ।
এই সমাৰোহৰ অন্যতম আকৰ্ষণ হিচাপে পৰম্পৰাগত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়।
এই প্ৰতিযোগিতাসমূহত সম্প্ৰদায়টোৰ মহিলাসকলে অতি উৎসাহ আৰু স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।
newznow.in