অৰুণাচলৰ চিয়াং নদীত প্ৰস্তাৱিত Siang Upper Multipurpose Project-এ ৭২খন গাঁওক প্ৰভাৱিত কৰিব পাৰে বুলি স্থানীয় মঞ্চই আশংকা প্ৰকাশ কৰিছে।
ইটানগৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ স্থানীয় ৰাইজৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে।
প্ৰকল্পটোৰ সৈতে জড়িত সমীক্ষা আৰু কাৰিকৰী কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ বিষয়াসকলক আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ওজিং টাছিঙে।
উল্লেখ্য যে, প্ৰস্তাৱিত প্ৰকল্পটোক লৈ স্থানীয় ৰাইজৰ একাংশই ভূমি, জীৱিকা, পৰিৱেশ আৰু নিজৰ বসতিস্থলৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে।
প্ৰকল্পটোৰ কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাৰিকৰী সমীক্ষাৰ লগতে স্থানীয় ৰাইজৰ মতামত আৰু উদ্বেগকো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা পুনৰ চৰ্চালৈ আহিছে।
newznow.in