নেপালৰ উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে ২৪ হাজাৰ কোটি নেপালী টকাৰ বিশেষ সাহায্য পেকেজ।
নতুন দিল্লী, ২৩ নৱেম্বৰ: নেপালৰ শেহতীয়া বানপানীৰ পাছত পুনৰ নিৰ্মাণ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে ২৪ হাজাৰ কোটি নেপালী টকাৰ এক বিশেষ উন্নয়ন সহযোগিতা পেকেজ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী…
বৈঠকৰ অন্তত আয়োজিত এক যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা আগষ্টত নেপালত হোৱা ভয়াৱহ বানপানীত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
বৈঠকত দুই প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ভাৰতৰ অযোধ্যা আৰু নেপালৰ জনকপুৰ ধামক সংযোগ কৰা ‘সৰযূ-কমলা এক্সপ্ৰেছ’ ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।
দ্বিপাক্ষিক সহযোগিতাৰ অংশ হিচাপে ভাৰতৰ ধাৰচুলা আৰু নেপালৰ দাৰচুলাৰ মাজত নতুনকৈ নিৰ্মাণ কৰা মটৰ চলাচলৰ উপযোগী দলং মুকলি কৰা হয়।
newznow.in