কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে আৰু সফলতাৰে সম্পন্ন হয়।
এইবাৰৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা (আছু), এন এছ ইউ আই (NSUI) আৰু আমছু (AAMSU)-কে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।
ঘোষিত ফলাফল অনুসৰি, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি পদত চাহাব আলী, উপ-সভাপতি পদত ছানিদুল ইছলাম, সাধাৰণ সম্পাদক পদত ছাদ্দাম বাবুল আৰু সহকাৰী সাধাৰণ সম্পাদিকা পদত ছাজিনা খাতুনে নিজৰ…
অৱশ্যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ লগে লগে আছু সমৰ্থিত প্ৰাৰ্থীসকলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।
বিজয়ী প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ শৈক্ষিক, আন্তঃগাঁথনিগত আৰু সামগ্ৰিক উন্নয়নৰ হকে সদায় মাত মাতি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
newznow.in