১৮ বছৰৰ তলৰ এগৰাকী শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মালদ্বীপৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহিদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
মালে, ৩ নৱেম্বৰ: শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগত মালদ্বীপৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহিদক গ্ৰেপ্তাৰ কৰিছে দেশখনৰ আৰক্ষীয়ে।
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২ নৱেম্বৰৰ নিশা প্ৰায় ৯ বাজি ৫৯ মিনিটত শ্বাহিদক আটক কৰা হয়।
গ্ৰেপ্তাৰৰ পূৰ্বে সামাজিক মাধ্যমত নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শ্বাহিদে।
৬৪ বছৰীয়া আব্দুল্লা শ্বাহিদে ২০১৮ চনৰ পৰা ২০২৩ চনলৈ মালদ্বীপৰ বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।
newznow.in