ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত ঘৰত বহি ভোটদানৰ সুবিধা নাথাকে।
আগৰতলা, ২৩ নৱেম্বৰ: ত্ৰিপুৰাৰ আগন্তুক পৌৰসভা নিৰ্বাচনত ভোটাৰসকলৰ বাবে ঘৰত বহি ভোটদান কৰাৰ কোনো ব্যৱস্থা নাথাকে।
ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিশেষভাৱে সক্ষম আৰু বৃদ্ধ ভোটাৰসকলৰ সুবিধাৰ্থে হুইল চেয়াৰৰ যোগান ধৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে সমাজ কল্যাণ বিভাগলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে।
আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে, ত্ৰিপুৰা পৌৰসভা (নিৰ্বাচন পৰিচালনা) নিয়ম, ১৯৯৫ৰ অধীনত সাধাৰণভাৱে ঘৰত ভোটদানৰ কোনো নিয়ম নাই।
অৱশ্যে নিৰ্বাচনী দায়িত্বত থকা কৰ্মচাৰী আৰু নিৰ্দিষ্ট চৰ্ত তথা প্ৰমাণ-পত্ৰ দাখিল কৰা যোগ্য ভোটাৰসকলৰ বাবে ডাকযোগে ভোটদানৰ সুবিধা অব্যাহত থাকিব।
newznow.in