গ্ৰন্থত স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ চাভাৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ নিঃচৰ্ত ক্ষমা আৰু সংশোধনৰ দাবীৰে আইনী জাননী প্ৰেৰণ কৰিছে স্বাধীনতা সংগ্ৰামীগৰাকীৰ নাতিয়ে।
পুনে: স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ চাভাৰকাৰ সম্পৰ্কে নিজৰ আত্মজীৱনীত ভুৱা আৰু বিকৃত তথ্য দাঙি ধৰাৰ অভিযোগ তুলি জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ এক আইনী জাননী প্ৰেৰণ কৰা হৈছে।
অধিবক্তা সংগ্ৰাম কোলহাটকাৰৰ জৰিয়তে প্ৰেৰিত জাননীখনত ছোনিয়া গান্ধীৰ গ্ৰন্থখনৰ ২০১ নম্বৰ পৃষ্ঠাত উল্লেখ থকা এক বক্তব্য তুলি ধৰা হৈছে।
ইয়াৰ উপৰি গ্ৰন্থখনৰ ৪৪৩ নম্বৰ পৃষ্ঠাত চাভাৰকাৰক হিন্দু আধিপত্যবাদী দৃষ্টিভংগীৰ প্ৰৱক্তা হিচাপে উপস্থাপন কৰা বুলি অভিযোগ কৰা হৈছে।
সাত্যকী চাভাৰকাৰৰ হৈ অধিবক্তাগৰাকীয়ে জাননীত কয় যে এই দুয়োটা পৃষ্ঠাত সন্নিৱিষ্ট বক্তব্যই স্বাধীনতা আন্দোলনত চাভাৰকাৰৰ ভূমিকা আৰু ৰাজনৈতিক দৰ্শন সম্পৰ্কে পাঠকক বিপথে পৰিচালিত কৰাৰ লগতে…
newznow.in