অসম

ITEP পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

ITEPৰ অধীনৰ B.A. B.Ed., B.Com. B.Ed. আৰু B.Sc. B.Ed. পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ দাবী জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম…

২ / ৫

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ফেৰদৌছ জিন্নাৰ নেতৃত্বত সংগঠনটোৰ এটা সঁজাতি দলে নতুন দিল্লীৰ কৰ্তব্য ভৱনত উপস্থিত হৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ এই স্মাৰকপত্ৰ প্ৰদান কৰে।

৩ / ৫

সংগঠনটোৰ দাবী অনুসৰি, ভাৰতৰ বিভিন্ন ৰাজ্যত এই চাৰি বছৰীয়া পাঠ্যক্ৰমসমূহ তুলনামূলকভাৱে কম মাচুলত অধ্যয়ন কৰাৰ সুবিধা আছে।

৪ / ৫

ইয়াৰ বিপৰীতে অসমত B.A. B.Ed., B.Com. B.Ed. আৰু B.Sc. B.Ed. পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ প্ৰায় চাৰি লাখ টকা ব্যয় কৰিবলগীয়া হয় বুলি অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

৫ / ৫

আন ৰাজ্যত কম মাচুলত এই পাঠ্যক্ৰমসমূহ অধ্যয়নৰ সুবিধা থাকিলে অসমতো কিয় একেধৰণৰ সুবিধা প্ৰদান কৰিব নোৱাৰি, সেই প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে।

ITEP পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক