মেঘালয়ৰ বিদ্যালয়সমূহত কিতাপৰ পৰিৱৰ্তে ডিবিটিৰ জৰিয়তে ধন দিয়াৰ সিদ্ধান্তই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।
মেঘালয়ৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ পৰিৱৰ্তে বেংক একাউণ্টত ধন দিয়াৰ ব্যৱস্থাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।
পূব খাচী পাহাৰ জিলাৰ সমগ্ৰ শিক্ষা কৰ্তৃপক্ষই যোৱা ২৮ ছেপ্টেম্বৰত পাঠ্যপুথিৰ অনুদান কেৱল ডিবিটি ব্যৱস্থাৰে দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল।
এই নতুন ব্যৱস্থাৰ জৰিয়তে ধন লাভ কৰিবলৈ অভিভাৱকৰ আধাৰ নম্বৰ আৰু আধাৰৰ সৈতে সংযুক্ত সক্ৰিয় বেংক একাউণ্ট থকাটো বাধ্যতামূলক কৰা হৈছে।
মেঘালয়ৰ বহু দুৰ্গম গাঁৱত এতিয়াও পৰ্যাপ্ত বেংকিং সুবিধা নাই।
newznow.in