বিভিন্ন দাবী পূৰণৰ দাবীত অহা ২৬ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যতে অনিৰ্দিষ্টকাললৈ বাণিজ্যিক বাহনৰ চকাবন্ধৰ হুংকাৰ দিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
অহা ২৬ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অনিৰ্দিষ্টকাললৈ সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখাৰ হুংকাৰ দিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
যোৱা ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতে পৰিবহণ বিভাগে মটৰ যান আইন বলৱৎ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছে।
ইয়াৰ উপৰি ই-চালান সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু পৰিবহণ আপীল ন্যায়াধিকৰণ গঠন কৰা, পাৰ্মিট নৱীকৰণৰ প্ৰক্ৰিয়া সহজ কৰা আৰু বৰ্ধিত কৰ তথা মাচুল হ্ৰাসৰ দাবী জনায় সন্থাই।
newznow.in