নগাঁও জিলাৰ জুৰীয়াত নাৰী সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
এগৰাকী কলেজীয়া ছাত্ৰীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা মাহুজা খাতুনক গ্ৰেপ্তাৰ কৰে।
এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নগাঁৱৰ ধিং গেটৰ পৰা জুৰীয়ালৈ আহি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ সৈতে ঘনিষ্ঠতা গঢ়ি প্ৰলোভনেৰে নগাঁৱলৈ নি অনৈতিক কাৰ্যকলাপত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে…
আৰক্ষীয়ে জব্দ কৰে অভিযুক্তই ব্যৱহাৰ কৰা AS-02-AY-7289 নম্বৰৰ স্কুটিখনৰ লগতে মোবাইল ফোনটো।
newznow.in