নতুন দিল্লীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় লাচিত দিৱসত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই মহাবীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াৰ দাবী জনায়।
নতুন দিল্লী: ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মোগলক ভেটি অসম ৰক্ষা কৰা মহাবীৰ লাচিত বৰফুকনে সমগ্ৰ দেশতে ছত্ৰপতি শিৱাজী মহাৰাজৰ সমানেই ঐতিহাসিক মৰ্যাদা আৰু স্বীকৃতি পাব লাগিব বুলি দাবী জনাইছে ৰাজ্য…
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী চমুকৈ এনডিএত শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন সোণৰ পদক দিয়াৰ নিয়ম ইতিমধ্যে আৰম্ভ হৈছে।
কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত কয় যে লাচিত বৰফুকন কেৱল অসমৰ ভৌগোলিক পৰিসীমাতে আৱদ্ধ গৌৰৱ নহয়, তেওঁ সমগ্ৰ দেশৰে এক বিৰল প্ৰতীক।
ৰাষ্ট্ৰীয় স্বীকৃতিৰ সমান্তৰালকৈ ৰাজ্যৰ আভ্যন্তৰীণ সামাজিক স্থিতিৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
newznow.in