হাউলীৰ ঐতিহ্যবাহী ৰাস মহোৎসৱে ৯৯ বছৰত ভৰি দিলে।
হাউলী, ২৪ নৱেম্বৰ: অসমৰ ঐতিহ্যবাহী ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ হাউলীৰ ৰাস মহোৎসৱে এইবাৰ ৯৯ বছৰত ভৰি দিলে।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় যে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাস মহোৎসৱে দেশ-বিদেশৰ পৰ্যটকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।
অধ্যক্ষগৰাকীয়ে জনায় যে অহা বছৰ হাউলীৰ ৰাস মহোৎসৱে ১০০ বছৰ সম্পূৰ্ণ কৰিব।
তেওঁ লগতে কয় যে ৰাজ্যৰ সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
newznow.in