শ্ৰীনগৰৰ সাংসদ আগা ছৈয়দ ৰুহুল্লা মেহদীয়ে লোকসভাৰ সদস্যপদ এৰি জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্সো ত্যাগ কৰিছে।
৩ নৱেম্বৰ: ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দল নেচনেল কনফাৰেন্সৰ সাংসদ আগা ছৈয়দ ৰুহুল্লাহ মেহদীয়ে শ্ৰীনগৰ লোকসভা সমষ্টিৰ সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলটোৰ সৈতে ২৪ বছৰীয়া ৰাজনৈতিক সম্পৰ্কৰ…
বাডগামৰ বেহিষ্ট-ই-জেহৰা পাৰ্কত পিতৃ আগা ছৈয়দ মেহদীৰ ২৬সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত সমৰ্থকসকলৰ সন্মুখত তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে।
নেচনেল কনফাৰেন্সৰ নেতৃত্বই ২০২৪ চনৰ নিৰ্বাচনৰ সময়ত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে মেহদীয়ে।
পদত্যাগ-পত্ৰত মেহদীয়ে ২০১৯ চনত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ পিছত জম্মু-কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতিৰ উল্লেখ কৰে।
newznow.in