আইচিচিৰ শেহতীয়া টেষ্ট ৰেংকিঙত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ উত্থান।
নতুন দিল্লী, ২৫ নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টেষ্ট খেলুৱৈৰ শেহতীয়া ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰসকলে চমকপ্ৰদ সাফল্য লাভ কৰিছে।
সোমবাৰে প্ৰকাশিত নতুন ৰেংকিঙত উইকেটৰক্ষক-বেটছমেন ঋষভ পন্ত ভাৰতীয়সকলৰ ভিতৰত সৰ্বোচ্চ স্থানত উপনীত হৈছে।
ভাৰতৰ আন দুই বেটছমেন কে এল ৰাহুল আৰু দেৱদত্ত পাডিক্কলৰো ৰেংকিঙত উন্নতি ঘটিছে।
বলাৰৰ তালিকাতো ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ উত্থান ঘটিছে।
newznow.in