অসম

ডিমাকুছিত শিক্ষক-ছাত্ৰীৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

ওদালগুৰিৰ ডিমাকুছিত শিক্ষক-ছাত্ৰীৰ ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।শিক্ষক ৰোহিত ৰাভাৰ বিৰুদ্ধে তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবী

২ / ৫

ওদালগুৰি জিলাৰ ডিমাকুছিত এগৰাকী শিক্ষক আৰু দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ কথিত আপত্তিজনক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

৩ / ৫

অভিযোগ অনুসৰি, ডিমাকুছি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰোহিত ৰাভাৰ সৈতে স্থানীয় এখন ধাবাত ছাত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ সময়ত অনৈতিক ঘটনা সংঘটিত হৈছিল।

৪ / ৫

ঘটনাৰ প্ৰতিবাদত আজি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু সচেতন নাগৰিক বিদ্যালয়খনত উপস্থিত হয়।

৫ / ৫

ছাত্ৰ একতা সভাই দাবী জনাইছে যে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি তেওঁক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব লাগে।

ডিমাকুছিত শিক্ষক-ছাত্ৰীৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক