CAGৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন অনুসৰি, ৩১ মাৰ্চ ২০২৫লৈ অসম চৰকাৰৰ ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰৰ বিপৰীতে ২০,৭৩৬.০৯ কোটি টকাৰ হিচাপ বাকী আছিল।
গুৱাহাটী, ৪ নৱেম্বৰঃ অসম চৰকাৰৰ ৰাজহুৱা ধনৰ ব্যৱহাৰ আৰু হিচাপ-নিকাচক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগণনা পৰীক্ষক (CAG)-এ।
CAGৰ প্ৰতিবেদন অনুসৰি, মুঠ ৬,৯২৯টা ব্যৱহাৰ প্ৰমাণপত্ৰৰ বিপৰীতে ২৩,২৪০.৫৬ কোটি টকা দাখিল হ’বলগীয়া আছিল।
CAGৰ তথ্য অনুসৰি, ব্যৱহাৰ প্ৰমাণপত্ৰ দাখিল নোহোৱা বিভাগসমূহৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ আছে।
বিত্ত বিভাগৰ ৩৩টা ব্যৱহাৰ প্ৰমাণপত্ৰৰ বিপৰীতে ৪,০৬৭.০৬ কোটি টকাৰ হিচাপ বাকী আছিল।
newznow.in