চাৰিখন ৰাজ্যৰ MLC নিৰ্বাচনত কৰ্ণাটকৰ আটাইকেইখন আসনতে BJP-JD(S)-ৰ জয়, আনহাতে কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন।
দেশৰ চাৰিখন ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ বাবে আহিল মোক্ষম আঘাত।
উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মুঠ ২৮খন বিধান পৰিষদৰ আসনৰ বাবে ২৩ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
কৰ্ণাটকৰ চাৰিখন আসনৰ আটাইকেইখনতে জয়লাভ কৰিলে BJP আৰু ইয়াৰ মিত্ৰদল JD(S)-এ।
বেংগালুৰু শিক্ষক সমষ্টিত JD(S)-ৰ এ পি ৰংগনাথে কংগ্ৰেছৰ বৰ্তমানৰ বিধান পৰিষদৰ সদস্য পুট্টান্নাক ৯০৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
newznow.in