প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ প্ৰশ্ন উত্থাপন কৰি ন্যায়িক প্ৰক্ৰিয়া আৰু তদন্তৰ স্বচ্ছতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে।
চক্ৰৱৰ্তীৰ মতে, ঘনকান্ত গগৈৰ মৃত্যু হোৱাৰ ফলত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ বিচাৰ আৰু আইনী নিষ্পত্তিৰ সুযোগ নোহোৱা হ’ল।
প্ৰাক্তন IPS বিষয়াগৰাকীয়ে লগতে আশংকা প্ৰকাশ কৰে যে এনকাউণ্টাৰৰ ঘটনাই আন অপৰাধীকো অনুপ্ৰাণিত কৰিব পাৰে।
পোষ্টটোত তেওঁ অভিযুক্তৰ অধিবক্তাসকলক জামিনৰ আবেদনৰ পৰিৱৰ্তে অভিযুক্তৰ প্ৰাণৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰীট আবেদন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।
newznow.in