৩০ নৱেম্বৰৰ পৰা সংসদৰ দুয়োখন সদন আহ্বানৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ।
নতুন দিল্লী, ২৬ নৱেম্বৰ: সংসদৰ শীতকালীন অধিৱেশনৰ সময়সূচীক লৈ চলি থকা চৰ্চাৰ মাজতে ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ দুয়োখন সদন পুনৰ আহ্বান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষলৈ দুয়োখন সদন আহ্বান কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।
ইয়াৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰীসভাৰ সদস্যসকলক ১৫ ডিচেম্বৰৰ পূৰ্বে পৰৱৰ্তী সংসদীয় অধিৱেশনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল।
ইফালে শীতকালীন অধিৱেশন আহ্বান কৰাত চৰকাৰে পলম কৰা বুলি ইতিমধ্যে বিৰোধী দলসমূহে সমালোচনা কৰি আহিছে।
newznow.in