গুৱাহাটী পৌৰ নিগমে 'শত দিন শত অভিযান' কাৰ্যসূচীৰ অধীনত চহৰখনৰ নলা-নৰ্দমা চাফ-চিকুন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
গুৱাহাটী: মহানগৰীৰ নলা-নৰ্দমা আৰু নর্দমাৰ পানী ওলাই যোৱা পথসমূহ পৰিষ্কাৰ কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC)।
মহানগৰীৰ বিভিন্ন অঞ্চলত নলা-নৰ্দমা আৰু গাটাৰসমূহ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা চাফাই ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।
উল্লেখ্য যে, ‘১০০ দিন, ১০০ অভিযান’ কাৰ্যসূচীৰ জৰিয়তে মহানগৰীৰ বিভিন্ন নাগৰিক সমস্যা সমাধানৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে GMC-এ।
newznow.in