বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পাছত ভৰালী পৰিয়ালৰ সদস্যসকলে স্বস্তি প্ৰকাশ কৰিছে।
শিৱসাগৰৰ ফুলপানীছিগাত আৰক্ষীৰ গুলীত বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৰালী পৰিয়ালৰ সদস্যসকলে।
উল্লেখ্য যে, ২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ বৰা ছাৰ্ভিচস্থিত বিলাস ইন হোটেলত সংঘটিত হত্যাকাণ্ডত পাঁচজন লোকৰ মৃত্যু হৈছিল।
ভূদেৱ ভৰালীৰ কন্যাই কয় যে পৰিয়ালটোৱে অভিযুক্তজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ খবৰৰ বাবে অপেক্ষা কৰি আছিল।
আনহাতে, হত্যাকাণ্ডত নিহত নাৰায়ণ দাসৰ পুত্ৰয়ো এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
newznow.in