অসমৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি অৰুণোদয়ৰ ব্যয়, ঋণৰ অংশ আৰু সুতৰ বোজাৰ এক তথ্যভিত্তিক বিশ্লেষণ।
২০২৬ চনৰ ১০ মাৰ্চত এদিনতে ৩,৬০০ কোটি টকা হস্তান্তৰ কৰিলে অসম চৰকাৰে।
প্ৰতিগৰাকী মহিলাই লাভ কৰা ৯,০০০ টকাৰ হিচাপটো আছিল এনেধৰণৰ—১,২৫০ টকাকৈ চাৰিমাহৰ সাহায্য, অৰ্থাৎ মুঠ ৫,০০০ টকা; তাৰ সৈতে ৪,০০০ টকাৰ এককালীন বিহু বোনাছ।
অসমৰ ইতিহাসত ৰাজ্য চৰকাৰৰ কোনো কল্যাণমূলক আঁচনিৰ অধীনত এদিনতে সম্পন্ন হোৱা এয়া আছিল সৰ্ববৃহৎ প্ৰত্যক্ষ ধন হস্তান্তৰ।
চৰকাৰে এই ধন হস্তান্তৰক এক বৃহৎ কল্যাণমূলক পদক্ষেপ হিচাপে অভিহিত কৰিছিল।
newznow.in