মেঘালয়ৰ পিলিংকাটাত অসম আৰক্ষীৰ দশম বেটেলিয়নৰ নিৰুদ্দিষ্ট কনিষ্টবল জেকচন বড়োৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মেঘালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসম আৰক্ষীৰ জোৱানৰ মৃতদেহ।
মেঘালয়ৰ পিলিংকাটাত দশম অসম আৰক্ষী বেটেলিয়নৰ নিৰুদ্দিষ্ট কনিষ্টবল জেকচন বড়োৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দশম অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত কনিষ্টবল জেকচন বড়ো বিগত প্ৰায় দুসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল।
কনিষ্টবলগৰাকী কেনেদৰে মেঘালয়ৰ পিলিংকাটা পালেগৈ আৰু কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই।
newznow.in