পাঠানকোটত চিচিটিভি কেমেৰাৰে সেনাৰ চলাচলৰ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত বলজিৎ সিং নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
পাঠানকোট: পঞ্জাৱৰ পাঠানকোটত ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ গতিবিধিৰ ওপৰত গোপনে চোৰাংচোৱাগিৰি চলোৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম বলজিৎ সিং ওৰফে বিট্টু।
আৰক্ষীৰ অভিযোগ মতে, কেমেৰাৰ জৰিয়তে সংগ্ৰহ কৰা দৃশ্য ইণ্টাৰনেটৰ সহায়ত পাকিস্তান আৰু বিদেশত থকা সন্দেহজনক লোকলৈ প্ৰেৰণ কৰা হৈছিল।
এই কামৰ বাবদ ডুবাইত থকা এজন অজ্ঞাত ব্যক্তিৰ পৰা অভিযুক্তই ৪০ হাজাৰ টকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
newznow.in