গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পাছত কাৰাগাৰৰ পৰা মুকলি হ'ল এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।
গুৱাহাটী, ২৭ নৱেম্বৰ: অসম লোকসেৱা আয়োগৰ (এপিএছচি) নিযুক্তি কেলেংকাৰিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল কাৰাগাৰৰ পৰা মুকলি হৈছে।
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে ২৩ নৱেম্বৰত ৰাকেশ পালৰ কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি জামিন মঞ্জুৰ কৰিছিল।
পত্নীৰ গুৰুতৰ অসুস্থতাৰ কথা উল্লেখ কৰি পালে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন জনাইছিল।
উচ্চ ন্যায়ালয়ে জামিন প্ৰদানৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ চৰ্ত আৰোপ কৰিছে।
newznow.in