যোৱা ২৩ৰ পৰা ২৭ নৱেম্বৰৰ ভিতৰত মাত্ৰ পাঁচটা দিনতে অসমত সংঘটিত তিনিটা পৃথক অভিযানে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ তিনিটা ভিন্ন স্তৰত ক’লা ধনৰ লেনদেন কেনেকৈ চলে, তাৰ নগ্ন চিত্ৰ উদঙাই দিছে।
চৰকাৰী ব্যৱস্থাত দুৰ্নীতি কেতিয়াও হঠাৎ গজি উঠা বিচ্ছিন্ন ঘটনা নহয়—বৰং জিলা কোষাগাৰ, ৰাজহ চক্ৰ আৰু অভিযান্ত্ৰিক বিভাগৰ বিল পাছ হোৱা টেবুলৰ চিনাকি সুৰুঙাবোৰেদি ই পানীৰ দৰে বৈ থাকে।
জিলা প্ৰশাসনৰ একেবাৰে মূল কেন্দ্ৰতেই কেনেদৰে চৰকাৰী ধনৰ শৰাধ পতা হৈছিল, তাৰ এক বিস্ময়কৰ ঘটনা পোহৰলৈ আহে শুকুৰবাৰে, ২৭ নৱেম্বৰত।
ৰাজহ প্ৰশাসনৰ স্তৰত অবৈধ ধন কেনেকৈ বগা কৰা হয়, তাৰ স্পষ্ট ছবি দাঙি ধৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি) গুৱাহাটীয়ে।
ইয়াৰ পূৰ্বৰ দুৰ্নীতি নিবাৰক শাখা আৰু ইডি-ৰ পদক্ষেপসমূহ সামৰি এই গোচৰত এতিয়ালৈকে বাজেয়াপ্ত হোৱা মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩.৬২ কোটি টকা হৈছেগৈ—য’ত অপৰাধজনিত উপাৰ্জন (proceeds of crime)…
newznow.in