বোকাখাতৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা আৰু ৰঙামাটিৰ টোল গেটৰ বৈধতাক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
বোকাখাত, গোলাঘাট: কাজিৰঙাৰ ৰঙাজানত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱা ঘটনাই গোলাঘাট জিলাৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ (পূৰ্বৰ ৩৭…
আনহাতে, নুমলীগড় আৰু ৰঙামাটিৰ মাজৰ চাৰিলেনযুক্ত পথছোৱাৰ বাবে গোলাঘাট জিলাৰ ৰঙামাটি টোল প্লাজাত এনএইচএআইয়ে নিয়মিতভাৱে মাচুল সংগ্ৰহ অব্যাহত ৰাখিছে।
নগাঁও জিলাৰ কলিয়াবৰৰ পৰা নুমলীগড় সংযোগী প্ৰায় ৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমানেও দুৰ্বল আৰু সংকীৰ্ণ দুটা লেনৰ পথ হৈয়ে আছে।
বিগত দুটা বছৰত বোকাখাত থানাৰ অন্তৰ্গত অঞ্চলটোত ১০০ৰো অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে।
newznow.in