বৰষুণে বিঘ্নিত প্ৰথম এদিনীয়াত নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।
অকলেণ্ড, ৪ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে বৰষুণে বিঘ্নিত কৰা প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত ৫ উইকেটত জয়লাভ কৰিছে ভাৰতে।
প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৪০.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৫ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ অৰ্শ্বদীপ সিঙে ১০ অভাৰত ৭০ ৰান দি ৪টা উইকেট দখল কৰে।
বৰষুণৰ বাবে ভাৰতৰ ইনিংছত দুবাৰকৈ খেল বন্ধ কৰিবলগীয়া হয়।
newznow.in