লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱক গণতন্ত্ৰৰ বাবে বিপজ্জনক আখ্যা দি বৰ্তমানৰ ৫৪৩খন আসন বাহাল ৰখাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ২৮ নৱেম্বৰ: লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক দেশৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক আখ্যা দিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে দাবী কৰে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত বিৰোধী দলৰ সমৰ্থক ভোটাৰসকলক কেইখনমান সমষ্টিত কেন্দ্ৰীভূত কৰা অথবা বিভিন্ন সমষ্টিত বিভক্ত কৰি তেওঁলোকৰ নিৰ্বাচনী প্ৰভাৱ হ্ৰাস কৰাৰ…
কংগ্ৰেছ নেতাগৰাকীয়ে লোকসভাৰ বৰ্তমানৰ ৫৪৩খন আসন বাহাল ৰখাৰ দাবী জনায়।
ইয়াৰ উপৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সন্দৰ্ভতো বিজেপিৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
newznow.in