মৈৰাবাৰীৰ এখন ৱেল্ডিং ৱৰ্কশ্বপলৈ ৫৫ হাজাৰ টকাৰ বিদ্যুৎ বিল অহাত লাহৰীঘাট বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে গ্ৰাহক ইব্ৰাহিম আলীয়ে।
মৰিগাঁও: মাত্ৰ চাৰি মাহৰ বিদ্যুৎ বিল ৫৫ হাজাৰ টকা অহাক কেন্দ্ৰ কৰি লাহৰীঘাট বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।
গ্ৰাহক ইব্ৰাহিম আলীৰ অভিযোগ অনুসৰি, তেওঁৰ ৱেল্ডিং ৱৰ্কশ্বপখনৰ বাবে মাত্ৰ চাৰি মাহৰ ভিতৰতে ৫৫ হাজাৰ টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰা হৈছে।
এই ঘটনাক কেন্দ্ৰ কৰি লাহৰীঘাট বিদ্যুৎ বিভাগৰ কৰ্তব্যত গাফিলতিৰ অভিযোগ তুলিছে ইব্ৰাহিম আলীয়ে।
মৈৰাবাৰীৰ ইব্ৰাহিম আলীৰ ‘পৰদেশী ৱেল্ডিং ৱৰ্কশ্বপ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ অহা এই বৃহৎ পৰিমাণৰ বিদ্যুৎ বিলক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
newznow.in