বিহাৰৰ পাটনাত ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘আমি চুৰি কৰোঁ, কিন্তু সেয়া দিল চুৰি, ভোট চুৰি নহয়।’ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক লৈ এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শেহতীয়াকৈ দেশৰ নিৰ্বাচনী ব্যৱস্থা, Electronic Voting Machines (EVM) আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR)ক লৈ ৰাহুল গান্ধীয়ে উত্থাপন কৰি অহা অভিযোগৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ…
ৰাহুল গান্ধীয়ে প্ৰতিটো নিৰ্বাচনত পৰাজয়ৰ পাছতে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে শৰ্মাই।
বুধবাৰে বিহাৰত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণৰ পাছত পাটনাত মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
newznow.in