কুইবেকত শিক্ষক আৰু আৰক্ষীৰ দৰে চৰকাৰী কৰ্মচাৰীয়ে ধৰ্মীয় প্ৰতীক পৰিধান কৰাৰ ওপৰত থকা নিষেধাজ্ঞা বাহাল ৰাখিছে কানাডাৰ সৰ্বোচ্চ ন্যায়ালয়ে।
অটোৱা, ২৯ নৱেম্বৰ: কানাডাৰ কুইবেক প্ৰদেশত শিক্ষক, আৰক্ষীকে ধৰি চৰকাৰী খণ্ডৰ কিছুসংখ্যক কৰ্মচাৰীয়ে কৰ্মস্থলীত ধৰ্মীয় প্ৰতীক পৰিধান কৰাত আৰোপ কৰা নিষেধাজ্ঞা বাহাল ৰাখিছে দেশখনৰ সৰ্বোচ্চ…
আদালতৰ ৰায়ৰ পাছত ক্ষোভ প্ৰকাশ কৰি শিখ সংগঠনসমূহে কয় যে এই পদক্ষেপে লোকসকলক ধৰ্মীয় বিশ্বাস আৰু জীৱিকাৰ মাজত যিকোনো এটাক বাছনি কৰিবলৈ বাধ্য কৰিছে।
ইফালে শিখ বিজনেছ কাউন্সিলে এই ৰায়ক কানাডাৰ ধৰ্মীয় স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰ সৈতে অসংগত বুলি অভিহিত কৰিছে।
অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে আইনখনৰ এটা বিশেষ অংশ বাতিল কৰিছে।
newznow.in