কৰ্ণালৰ সভাত ৰাহুল গান্ধীক লক্ষ্য কৰি সংসদ অচল কৰা আৰু ৰাজপথত অৰাজকতা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে অমিত শ্বাহে।
কৰ্ণাল, ৫ নৱেম্বৰঃ ‘ভোট চুৰি’ বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বৃহস্পতিবাৰে হাৰিয়ানাৰ কৰ্ণালত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ অভিযানৰ সামৰণি সভাত ভাষণ দি অমিত শ্বাহে কয় যে গণতন্ত্ৰত সংসদ হৈছে আলোচনা আৰু মত-বিনিময়ৰ সৰ্বোচ্চ মঞ্চ।
শ্বাহৰ অভিযোগ, সংসদত হুলস্থূল কৰা আৰু অধিৱেশন বৰ্জন কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক সংস্কৃতিৰ অংশ হৈ পৰিছে।
ৰাহুল গান্ধীক উদ্দেশ্যি শ্বাহে কয় যে দেশৰ ৮০ বছৰীয়া গণতন্ত্ৰ এনে কৌশলেৰে প্ৰভাৱিত নহয়।
newznow.in