বাৰাণসীৰ শিক্ষক বিধান পৰিষদৰ আসনত সমাজবাদী পাৰ্টিৰ লাল বিহাৰী যাদৱৰ জয়।
লক্ষ্ণৌ, ২৮ অক্টোবৰঃ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ শিক্ষক আৰু স্নাতক সমষ্টিৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত বিজেপিয়ে গুৰুত্বপূৰ্ণ পৰাজয়ৰ সন্মুখীন হৈছে।
বাৰাণসী খণ্ডৰ শিক্ষক বিধান পৰিষদৰ আসনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী লাল বিহাৰী যাদৱে বিজেপিৰ ড° প্ৰমোদ কুমাৰ মিশ্ৰক পৰাস্ত কৰে।
প্ৰথম পছন্দৰ ভোটত লাল বিহাৰী যাদৱে ১০,৯৫৮টা ভোট লাভ কৰিছিল যদিও বিজয়ৰ বাবে প্ৰয়োজনীয় নিৰ্ণায়ক সীমা অতিক্ৰম কৰিবলৈ দ্বিতীয় পছন্দৰ ভোট গণনা কৰিবলগীয়া হয়।
বাৰাণসী খণ্ডৰ স্নাতক সমষ্টিৰ ভোটগণনাতো সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী আশুতোষ সিনহা আগবাঢ়ি থকা বুলি প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে।
newznow.in