অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী।
গুৱাহাটী, ৫ নৱেম্বৰঃ অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱাৰ লগতে আৰক্ষীৰ তদন্ত আৰু গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰতো উন্নতি হোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে ‘এক্স’ত প্ৰকাশ কৰা তথ্যচিত্ৰ অনুসৰি, ২০২১ চনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ আছিল ৩৭৯।
আনহাতে, আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰো যথেষ্ট বৃদ্ধি পোৱা বুলি তথ্যত প্ৰকাশ পাইছে।
একেদৰে, আদালতত অভিযুক্তক দোষী সাব্যস্ত কৰাৰ হাৰো বৃদ্ধি পোৱা বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে।
newznow.in