লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিৰ ১ নং ধৰ্মপুৰৰ ঐতিহাসিক শনিবৰীয়া বজাৰত ৪ নৱেম্বৰৰ পুৱাই প্ৰথমটো চৰকাৰী উচ্ছেদ অভিযান চলায় প্ৰশাসনে।
লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ধৰ্মপুৰৰ ঐতিহাসিক শনিবৰীয়া বজাৰত অৱশেষত চলিল প্ৰথমটো চৰকাৰী উচ্ছেদ অভিযান।
৪ নৱেম্বৰ, বুধবাৰে পুৱাই ১ নং ধৰ্মপুৰৰ শনিবৰীয়া বজাৰত উপস্থিত হয় প্ৰশাসনৰ দল।
উল্লেখ্য যে, লখিমপুৰ জিলা প্ৰশাসনে নৱেম্বৰ মাহত জিলাখনৰ পাঁচটা স্থানত উচ্ছেদ অভিযান চলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।
উচ্ছেদ অভিযানত শনিবৰীয়া বজাৰৰ প্ৰায় ৩ বিঘা ভূমি সামৰি লোৱা হয়।
newznow.in