অসমত স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ বাবে ৪৩খন নতুন আসনৰ অনুমোদন লাভ কৰিছে।
গুৱাহাটী, ৬ নৱেম্বৰ: অসমত স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ বাবে আৰু ৪৩খন আসনৰ অনুমোদন লাভ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ নৱেম্বৰত এই কথা ঘোষণা কৰে।
নতুনকৈ অনুমোদিত আসনকেইখন সাতটা বিভাগত অন্তৰ্ভুক্ত কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে ধনতেৰাছ উপলক্ষে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে ইয়াৰ ফলত ৰাজ্যৰ যুৱ চিকিৎসকসকলে অসমতে বিশেষজ্ঞ চিকিৎসা শিক্ষাৰ অধিক সুযোগ লাভ কৰিব।
newznow.in