‘একচেটিয়া নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ Starlinkক বাধা’:এলন মাস্কৰ বিস্ফোৰক অভিযোগ

নতুন দিল্লী: ভাৰতত Starlinkৰ ছেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰাত ‘কিছুমান অলিগাৰ্কে’ বাধা দি থকা বুলি অভিযোগ কৰিছে SpaceXৰ প্ৰতিষ্ঠাপক এলন মাস্কে।

বুধবাৰে Xত এটা পোষ্ট কৰি মাস্কে দাবী কৰে যে ভাৰতীয় জনসাধাৰণৰ ওপৰত ‘একচেটিয়া নিয়ন্ত্ৰণ’ বজাই ৰাখিবলৈ Starlinkৰ প্ৰৱেশত বাধা সৃষ্টি কৰা হৈছে।

তেওঁ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ নাম উল্লেখ নকৰাকৈ মাস্কে Xত লিখিছে, ‘তেওঁলোক কোন, সেয়া আপোনালোকে অনুমান কৰিব পাৰে...’

লগতে এই বাধাক ‘ভাৰতৰ জনসাধাৰণৰ বিৰুদ্ধে এক অপৰাধ’ বুলিও অভিহিত কৰিছে তেওঁ।

অৱশ্যে এই অভিযোগৰ সমৰ্থনত কোনো নিৰ্দিষ্ট প্ৰমাণ বা কোনো ব্যক্তি-প্ৰতিষ্ঠানৰ নাম মাস্কে প্ৰকাশ কৰা নাই।

Starlinkয়ে ভাৰতত প্ৰয়োজনীয় ছেটেলাইট যোগাযোগৰ লাইচেন্স লাভ কৰিছে যদিও বাণিজ্যিক সেৱা আৰম্ভ কৰাৰ পূৰ্বে সুৰক্ষা মূল্যায়ন আৰু স্পেকট্ৰম আবণ্টনৰ দৰে নিয়ামক প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলগীয়া আছে।

ভাৰত চৰকাৰৰ মতে, Starlinkক একাষৰীয়া কৰি কোনো পৃথক নিয়ম প্ৰয়োগ কৰা হোৱা নাই।

মাস্কৰ অভিযোগৰ পাছতেই কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰ্যালয়ে দাবীটো খণ্ডন কৰিছে।

চৰকাৰৰ মতে, ভাৰতৰ ছেটেলাইট যোগাযোগ সেৱাৰ নিয়ামক ব্যৱস্থা ‘ন্যায্য আৰু বৈষম্যহীন’।

লাইচেন্স লাভ কৰা তিনিটা ছেটেলাইট যোগাযোগ সংস্থাই একে ধৰণৰ সুৰক্ষা মূল্যায়ন প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।

চৰকাৰী তথ্য অনুসৰি, Starlinkৰ লগতে আন দুটা ছেটেলাইট যোগাযোগ সংস্থাও বৰ্তমান সুৰক্ষা পৰীক্ষণৰ পৰ্যায়ত আছে।

ইয়াৰ পাছত স্পেকট্ৰম আবণ্টনৰ প্ৰক্ৰিয়ালৈ আগবাঢ়িব লাগিব।

অৰ্থাৎ, Starlinkৰ সেৱা আৰম্ভ নোহোৱাৰ আঁৰত কেৱল কোনো প্ৰতিদ্বন্দ্বী সংস্থাৰ প্ৰভাৱেই কাৰণ বুলি চৰকাৰে মানি লোৱা নাই।

ভাৰতত ছেটেলাইট ইণ্টাৰনেট বজাৰক লৈ Starlink, Jio আৰু Airtelকে ধৰি একাধিক প্ৰতিষ্ঠানৰ মাজত প্ৰতিযোগিতা বৃদ্ধি পাইছে।

এনে সময়তে মাস্কৰ ‘অলিগাৰ্ক’ মন্তব্যই Starlinkৰ ভাৰত প্ৰৱেশক লৈ চলি থকা নিয়ামক আৰু ব্যৱসায়িক বিতৰ্কক নতুন ৰূপ দিছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *