উচ্চতম ন্যায়ালয়লৈ ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ আপত্তি, SCBA-ৰ প্ৰস্তাৱ বিচাৰি প্ৰায় ২০০ অধিবক্তাৰ পত্ৰ

ৰাজনৈতিক শক্তি প্ৰদৰ্শনে ন্যায়াধীশৰ ওপৰত পৰোক্ষ চাপ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰায় ২০০ গৰাকী উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ ; সকলো ব্যক্তি আৰু ৰাজনৈতিক দলৰ ক্ষেত্ৰতে একে নীতি প্ৰযোজ্য কৰাৰ দাবী।

প্ৰায় ২০০ গৰাকী উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েচন (SCBA)-ৰ সচিব আৰু কাৰ্যকৰী সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। ১৩ অক্টোবৰৰ তাৰিখে দাখিল কৰা পত্ৰখনত ১২ অক্টোবৰত ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকে উচ্চতম ন্যায়ালয়লৈ উলিওৱা পদযাত্ৰাক গৰিহণা দি এটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে।

অধিবক্তাসকলৰ মতে, ৰাজনৈতিক আৰু সংখ্যাগত শক্তি প্ৰদৰ্শনে ন্যায়াধীশসকলৰ ওপৰত পৰোক্ষ চাপ সৃষ্টি কৰিব পাৰে। তেওঁলোকে পত্ৰখনত উল্লেখ কৰিছে যে উচ্চতম ন্যায়ালয় ৰাজনৈতিক প্ৰভাৱ, আৰ্থিক ক্ষমতা বা জনসমাগমৰ শক্তি প্ৰদৰ্শনৰ মঞ্চ নহয়; ই ন্যায় প্ৰদানৰ বাবে গঠিত এখন সাংবিধানিক প্ৰতিষ্ঠান।

পত্ৰখনত সকীয়াই দিয়া হৈছে যে এনে কাৰ্যক সময়মতে নিন্দা নকৰিলে ভৱিষ্যতে উচ্চ ন্যায়ালয় আৰু জিলা আদালততো একেধৰণৰ ঘটনা ঘটিব পাৰে। প্ৰভাৱশালী ব্যক্তি বা ৰাজনৈতিক দলসমূহে বৃহৎ সমৰ্থকৰ সমাগমেৰে আদালতৰ প্ৰক্ৰিয়াত পৰোক্ষ প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাব পাৰে বুলিও তেওঁলোকে আশংকা প্ৰকাশ কৰিছে।

অৱশ্যে, অধিবক্তাসকলে স্পষ্ট কৰিছে যে যিকোনো নাগৰিকৰ আইনী অধিকাৰ সাব্যস্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সাংবিধানিক অধিকাৰ আছে। তেওঁলোকৰ আপত্তি আবেদন দাখিল কৰাত নহয়, বৰং সেই প্ৰক্ৰিয়াৰ সৈতে ৰাজনৈতিক শক্তি প্ৰদৰ্শন জড়িত কৰাত।

প্ৰস্তাৱটো কোনো বিশেষ ব্যক্তি বা দলৰ বিৰুদ্ধে সীমাবদ্ধ নাৰাখি সকলো ব্যক্তি, ৰাজনৈতিক দল আৰু সংগঠনৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য কৰাৰ দাবী জনাইছে পত্ৰৰ স্বাক্ষৰকাৰীসকলে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *