ছুপাৰী কিলাৰে মাৰিব নোৱাৰা হ'লেও স্বামী ৰাজা ৰঘুবংশীক শেষ কৰিলেহেঁতেন সুমনে!

ছুপাৰী কিলাৰে মাৰিব নোৱাৰা হ'লেও স্বামী ৰাজা ৰঘুবংশীক শেষ কৰিলেহেঁতেন সুমনে!সোনমে সাজু কৰি ৰাখিছিল প্লেন B। কি আছিল সুমনৰ প্লেন B?
আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। ৰাজা হত্যাকাণ্ডৰ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন ক’লা অধ্যায়।
সোনমে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে আন এক বিস্ফোৰক তথ্য। ৰাজাৰ হত্যাৰ বাবে সোনমৰ আছিল প্লেন B।  চুপাৰি কিলাৰে হত্যা কৰিব নোৱৰা হ’লে সোনমে ছেলফী লোৱাৰ চলনাৰে পাহাৰৰ শিখৰলৈ নি তললৈ গতিয়াই ৰাজাক হত্যা কৰাৰ দ্বিতীয়টো ভয়ংকৰ পৰিকল্পনাৰ স্বীকাৰোক্তি দিলে আৰক্ষীক।
যোৱা ১১ মে’ত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সোনম ৰঘুবংশী। হনীমুনলৈ বুলি ২০ মে’ত শ্বিলঙলৈ আহিছিল সোনম আৰু ৰাজা। তাৰপিছত ৩ চুপাৰি কিলাৰৰ সৈতে মিলি সোনম আৰু প্ৰেমিক ৰাজ কুছৱাহাই অতি কৌশলেৰে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। তাৰপিছত ২ জুনত ছোহৰাত উদ্ধাৰ হৈছিল ৰাজাৰ অৰ্ধগলিত মৃতদেহ।
শেহতীয়াকৈ সোনমে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে আন এক বিস্ফোৰক তথ্য। চুপাৰি কিলাৰে হত্যা কৰিব নোৱৰা হ’লেও সোনমে হত্যা কৰিলেহেতেন স্বামী ৰাজা ৰঘুবংশীক।
উল্লেখযোগ্য যে, মঙলবাৰে মাজনিশাই ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজাৰ পত্নী সোনম ৰঘুবংশীক লৈ শ্বিলঙত উপস্থিত হয় মেঘালয় আৰক্ষী। আনহাতে, ৰাজা হত্যাকাণ্ডৰ আন ৪ অভিযুক্ত- আকাশ, আনন্দ, বিশাল ঠাকুৰ আৰু ৰাজ কুছৱাহাক লৈ শ্বিলঙত উপস্থিত হৈছে আৰক্ষী। এতিয়া প্ৰথমে শ্বিলঙত স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব ৪ অভিযুক্তৰ। তাৰপিছত আজি দুপৰীয়া ১২ বজাৰ ভিতৰত সোনমসহ ৪ অভিযুক্তক হাজিৰ কৰোৱা হ’ব আদালতত।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *