১১৮ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে প্ৰণৱ দলেয়ে।
১১৮ দিনৰ কাৰাবাসৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিল ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলে।
মুক্তিৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰণৱ দলেয়ে অসমৰ জনগণক ধন্যবাদ জনায়।
দলেয়ে কয়, “মিছাৰ কেতিয়াও জয় হ’ব নোৱাৰে।
এন এছ এৰ দৰে কঠোৰ আইন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাই তেওঁ কয় যে কোনো নিৰীহ ব্যক্তিৰ ওপৰত এনে আইন বলপূৰ্বকভাৱে জাপি দিয়া উচিত নহয়।
newznow.in